কামপুৰৰ বৰপানী বনাঞ্চল ধ্বংস গৰাহত

 10/12/2019 - 13:08

কামপুৰঃ একাংশ অসাধু লোকৰ লগতে বনকৰ্মী, মন্ত্ৰী বিধায়কৰ প্ৰত্যক্ষ হস্তক্ষেপত ধ্বংস দিশত কামপুৰৰ বৰপানী বনাঞ্চল। এটা সময়ৰ সেউজীয়া বন্যভূমিত এতিয়া দেখা যায় শাৰী শাৰী শুকান গছৰ মুঢ়া। নগাওঁ আৰু কাৰ্বি আংলং জিলাৰ সীমান্তত অৱস্থিত এই বনাঞ্চলখন বৰ্তমানৰ কাৰ্বিলাংপী জলবিদ্যুত প্ৰকল্পৰ দুৱাৰমুখ আমটেং আৰু লেঙেৰী অঞ্চললৈকে আছিল।

মুঠ তিনিহাজাৰ এশ তেসত্তৰ হেক্টৰ মাটি থকা বনাঞ্চলখনত একাংশ লোকে বেদখল চলাই আহিছে। বৰ্তমান এই সেউজীয়া বন্যভূমিত প্ৰকাণ্ড প্ৰকাণ্ড বাসগৃহ গঢ়ি উঠাৰ লগতে গঢ়ি উঠিছে ধৰ্মীয় অনুস্থান বিদ্যালয় গৃহ আৰু খেলপথাৰ। পৰিতাপৰ বিষয় যে নিজৰ ভোটবেংকৰ মজবুত কৰাৰ লালসাত ৰাজনৈতিক নেতাসকলে এই বেদখলী সকলক চৰকাৰী সা-সুবিধা প্ৰদান কৰিছে।

বনাঞ্চলখনৰ মুঠ মাটিৰ দু হেজাৰ দুশ বাৰ হেক্টৰ মাটি বেদখকাৰীৰ কবলত পৰি মাথোন নশ ষাঠী হেক্টৰ মাটিহে বনবিভাগৰ হাতত আছে। যি বনাঞ্চলখনৰ বাবে ভয়াবহ সংকট নামি আহিছে। এই ক্ষেত্ৰত বৰ্তমানৰ বনবিষয়া জনে দায় সৰা মন্তব্যহে দিয়া দেখা গ’ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।