ধিঙত ভূমিকেন্দ্ৰিক বিবাদৰ পৰিণতিত এজনৰ মৃত্যু

 10/12/2019 - 15:05

ধিংঃ নগাওঁ জিলাৰ ধিঙত ভূমিকেন্দ্ৰিক বিবাদৰ পৰিনতিত মৃত্যুক সাৱটিবলগীয়া হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ধিঙৰ কাজলী পথাৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। শুক্ৰবাৰে নিশা একেটা পৰিয়ালৰ দুই ভাতৃ নুৰুল আমিন আৰু চাইফুল ইছলামৰ মাজত এটোকোৰা ভূমিক লৈ সংঘাতৰ সৃষ্টি হয়।

দুই ভাতৃয়ে তীব্ৰ বিতণ্ডা চলি থকাৰ মাজতে নুৰুল আমিনে ভাতৃ চাইফুল ইছলামক এডাল গোটা বাঁহেৰে মূৰত উপৰ্যুপৰি কোব মাৰে। ফলত থিতাতে কৰুন মৃত্যুক সাৱটিবলগা হয় চাইফুল ইচলাম নামৰ লোকজনে। আনহাতে ঘটনা সংঘটিত কৰি পলায়ন কৰে ভাতৃ হত্যাকাৰী নুৰুল আমিন। ইতিমধ্যে ধিং আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰী নুৰুলৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।