ধুবুৰী জিলাৰ এখন চৰকাৰী চিকিৎসালয় এতিয়া ভূতবাংলাত পৰিণত

 10/19/2019 - 17:02

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ এখন চৰকাৰী চিকিৎসালয় সম্প্ৰতি ভূত বাংলাত পৰিণত হৈছে। ১০বছৰ পূৰ্বে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে নিৰ্মাণ কৰিছিল এই চিকিৎসালয়খন। ধুবুৰী জিলাৰ দুৰ্গম চৰাঞ্চলৰ গুটিপাৰাত অবস্থিত এই চিকিৎসালয়খন। কিন্তু পৰিতাপৰ বিষয় যে-সুদীৰ্ঘ ১০টা বছৰ অতিক্ৰম কৰাৰ পিছতো কোনো এখন চৰকাৰেই মুকলি নকৰিলে এই প্ৰকাণ্ড চিকিৎসালয়খন। বৰ্তমান চিকিৎসালয়খনৰ অবস্থা এক প্ৰকাৰ গৰু-ছাগলীৰ গোহালি সদৃশ হৈ পৰিছে। হয়তো আগলৈ আৰু কিছুদিন এনেই থাকিলে চিকিৎসালয়খন আৰু মুকলি কৰিবই নালাগিব। কিয়নো ইতিমধ্যে চিকিৎসালয়খনৰ আন্তঃগাথনি ক্ৰমাত জহি-খহি পৰিছে। মাননীয় স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া। বৃহত্তৰ গুটিপাৰা চৰাঞ্চলৰ এক মাত্ৰ চিকিৎসালয়খন মুকলি কৰি দিলে হয়তো লাখ-লাখ জনসাধাৰণৰ কঠিন বেমাৰৰ সময়ত মৰনপোন যমৰ-যাতনাত ভূগিব নালাগিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।