ডবকাৰ ভগীৰাম গাঁওৰ ৯৪ নং অংগনাবাদী কেন্দ্ৰত ব্যাপক দুৰ্নীতি

 10/24/2019 - 13:49

ডবকাঃ ৰাজ্যৰ শিক্ষা বিভাগত চলিছে চৰম অৰাজকতা। হোজাইত সমাজ কল্যাণ বিভাগ সংহত শিশু বিকাশ আচঁনিত ব্যাপক খেলি-মেলি। হোজাই জিলাৰ ডবকাৰ ভগীৰাম গাঁওৰ ৯৪ নং অংগনাবাদী কেন্দ্ৰত ব্যাপক দুৰ্নীতি। ঘৰখনলৈ অঙ্গনবাডীকেন্দ্ৰ নে গৰু, ছাগলী ৰখা গোহালি ধৰিব পৰা নাযায়। প্ৰায় ডেৰ বছৰ ধৰি এই কেন্দ্র খন তলা লগোৱা অৱস্থাত আছে। নাই কোনো শিক্ষক, নাই কোনো ছাত্র, কেৱল কেন্দ্রহে আছে।

কবিতা বৰা নামৰ কৰ্মীজনীয়ে কণ কণ শিশু সকলৰ মধ্যাহ্ণ ভোজনৰ সকলো বস্তু আত্মসাৎ কৰি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে এনেদৰে দুৰ্নীতিত লিপ্ত থকা সমাজ কল্যাণ বিভাগৰ প্ৰতি বিভাগীয় কতৃপক্ষই চকু ৰাখিব নেকি এয়া হ’ব সময়তে সম্পূৰ্ণ লক্ষ্যণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।