উজানবজাৰ মাছঘাটত এজন ব্যক্তি নিৰুদ্দেশ

 10/24/2019 - 15:28

ডিজিটেল ডেক্সঃ গুৱাহাটী মহানগৰৰ লতাশিল থানাৰ অন্তৰ্গত উজানবজাৰ মাছঘাটৰ এজন ব্যক্তি নিৰুদ্দেশ হোৱা ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিৰুদ্দেশ হোৱা ব্যক্তিগৰাকী উজানবজাৰ মাছঘাটৰ মহম্মদ হাচীম আলী। বয়স ৯০। উল্লেখ যে যোৱা শুকুৰবাৰে ৰাতিপুৱা ৬ বজাত ঘৰৰ পৰা ওলাই গৈছিল।

পিছত ঘৰলৈ ঘূৰি নোযোৱাত ঘৰৰ মানুহে বিচাৰ খোচাৰ কৰে যদিও ব্যক্তিগৰাকীক সম্ভেদ পাবলৈ সক্ষম নহয়। পৰিয়ালৰলোকে পিছত লতাশিল আৰক্ষী থানাত এখন এহাজাৰ দাখিল কৰে। পৰিয়ালৰ লোকে জানিব দিয়া মতে ব্যক্তিগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত। যদি কোনো ব্যক্তিয়ে হাচিম আলী সম্ভেদ পাই ৮৪৭২৮৮০০৪৮ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰাৰ লগতে ব্যক্তিগৰাকীৰ সম্ভেদ দিয়োতাক ১০ হাজাৰ টকাৰে পুৰস্কিত কৰিব বুলি পৰিয়ালৰ লোকে জানিব দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।