লখিমপুৰ জিলাৰ তিনিঠেঙীয়া হাই মাদ্ৰাছাত উত্তেজনা

 10/25/2019 - 19:16

লখিমপুৰঃ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আৰু শিক্ষকৰ মাজৰ এখন যুঁজ৷ ছাত্ৰ-ছাত্ৰীৰ সম্মুখতে সমুখ-সমৰত মাৰপিট পৰিচালনা সমিতিৰ সদস্য আৰু শিক্ষকৰ৷ লখিমপুৰৰ তিনিঠেঙীয়া হাই মাদ্ৰাছাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে নাই পৰ্যাপ্ত সা-সুবিধা৷ নাই কোনো আন্তঃগাথনি৷

ছাত্ৰ-ছাত্ৰী বহাৰ ডেক্স-বেঞ্চৰো নাই সুবিধা৷ উপায়বিহীন হৈ শুকুৰবাৰে শ্ৰেণী বৰ্জন কৰিছিল ছাত্ৰ-ছাত্ৰীয়ে৷ সেই সময়ত বিদ্যালয়ত উপস্থিত হোৱা বিদ্যালয় পৰিচালনা সমিতিৰ একাংশ সদস্যই এই সন্দৰ্ভত প্ৰধান শিক্ষককে ধৰি আন শিক্ষকসকলক জবাবদিহি কৰাত বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যৰ ওপৰত জপিয়াই পৰিল শিক্ষক৷

ছামচুল হ’ক নামৰ সহকাৰী শিক্ষকজনে পৰিচালনা সমিতিৰ সদস্যক খেদি আহি গতিয়াই বাহিৰ কৰাৰ লগতে চেষ্টা চলায় আক্ৰমনৰ৷ সহযোগী শিক্ষকেও টানি-ধৰি ৰখাব পৰা নাই ছামচুল হ’কক৷ বিদ্যালয়ত চলি থকা এনে হুলস্থূলৰ মাজতে মটৰ চাইকেল লৈ পলায়ণ প্ৰধান শিক্ষক নুৰ মহম্মদৰ৷ লখিমপুৰৰ তিনিঠেঙীয়া হাই মাদ্ৰাছাত সংঘটিত হোৱা এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।