শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা প্ৰথমবাৰৰ বাবে আনন্দৰাম বৰুৱা প্ৰশ্নোত্তৰ প্ৰতিযোগিতাৰ আয়োজন

 10/26/2019 - 20:00

উত্তৰ গুৱাহাটীঃ বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত প্ৰশ্নোত্তৰ (কুইজ) প্ৰতিযোগিতা আয়োজন কৰিছে। অহা ২৯ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা ৪ বজালৈ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব।

পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ নামত উছৰ্গিত প্ৰতিযোগিতাখন গুৱাহাটীৰ পি ডব্লিউ ডি কনভেনচন আৰু ট্ৰেনিং চেন্টাৰত আয়োজন কৰা হৈছে বুলি শিশু শিক্ষা সমিতি, অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জনাইছে। প্ৰশ্নোত্তৰ প্ৰতিযোগিতাৰ প্ৰধান উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও অন্যান্য বিভিন্ন বিষয় জ্ঞান আহৰণ কৰি নিজৰ প্ৰতিভা বিকাশৰ লগতে ভৱিষ্যতে প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে ভাল ফলাফল দেখুৱাব পাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।