‘কেব’ৰ বিৰোধিতা কৰি যাব জেডিইউয়ে: কে চি ত্যাগী

 04/11/2019 - 16:31

ডিজিটেল ডেস্ক: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল জেডিইউৱে সংসদৰ বাহিৰে ভিতৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিব। আজি নতুন দিল্লীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু, উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছ’ৰ প্ৰতিনিধি দলটোৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ আলোচনাত জেডিইউৰ জ্যেষ্ঠ নেতা কে চি ত্যাগীয়ে এই প্ৰতিশ্ৰুতি প্ৰদান কৰে।

নতুন দিল্লীত আছুৰ সভাপতি তথা নেছ’ৰ উপ-সভাপতি দীপাংক কুমাৰ নাথ, আছু, নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত এটা সঁজাতী দল আলোচনাত মিলিত হোৱাত জে ডি ইউৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ‘কেব’ৰ বিৰুদ্ধে সদনৰ বাহিৰে ভিতৰে বিৰোধিতা কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।

আছু-নেছ’ৰ অনুৰোধমৰ্মে কেবৰ বিৰোধিতাৰ বিষয়টো ১৪ এপ্ৰিলত প্ৰকাশ পাবলগীয়া দলৰ নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰা হ’ব বুলিও জে ডি ইউৰ নেতাগৰাকীয়ে জানিবলৈ দিয়ে। একেদৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ ভাষা-সংস্কৃতি, পৰিচয় অক্ষুণ্ণ ৰখাৰ বাবে দলে যুঁজি যাব বুলিও জে ডি ইউৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আছুৰ প্ৰতিনিধিবৰ্গক আশ্বাস দিয়ে।

উল্লেখযোগ্য যে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ দেশৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, যিগৰাকীয়ে বিধেয়কবিৰোধী আন্দোলনত পূৰ্ণ সমৰ্থন দি আছুৱে উত্থাপন কৰা বিষয়টোৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। দেশৰ প্ৰথম ৰাষ্ট্ৰীয় দল হিচাপে জে ডি ইউৱে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত কেবৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

আজি পুনৰ সংকটৰ সময়ত প্ৰথমটো ৰাষ্ট্ৰীয় দল হিচাপে জে ডি ইউৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ সমৰ্থনত কেবৰ বিৰুদ্ধে যুঁজি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।