জোৱান শ্বহীদ হোৱাত সমগ্ৰ দেশে কান্দিছিল, তেতিয়া মোডীয়ে পাৰ্কত ফটো শ্বুট কৰি আছিল

 02/21/2019 - 17:48

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাবাদীয়ে চিআৰপিএফৰ জোৱানৰ কনভয়ত আক্ৰমণ সংঘটিত কৰা ঘটনাক সন্দৰ্ভত বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে৷৪৪ জনকৈ চিআৰপিএফৰ জোৱান শ্বহীদ হোৱাৰ পিছতো বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় শোক পালন ঘোষণা নকৰাত কংগ্ৰেছ দলে প্ৰশ্ন উত্থাপন কৰিছে৷জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানীৰ মদতপূষ্ট সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত চিআৰপিএফৰ ৪৪গৰাকী জোৱান শ্বহীদ হোৱাৰ পিছৰে পৰা ক্ৰমান্বয়ে দেশৰ ৰাজনীতি গৰম হ’ব ধৰিছে৷

শাসক-বিৰোধীৰ অভিযোগ-প্ৰতিভিযোগৰ মাজতে এইবাৰ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে৷বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা ৰণদ্বীপ সূৰ্যেৱালাই এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ ভাষাৰে আক্ৰমণ কৰি যিটো সময়ত দেশে শ্বহীদৰ মৃতদেহৰ টুকুৰা বিচাৰি আছিল সেই সময়ত মোডীয়ে নিজৰ নামলৈ শ্ল’গান দি আছিল আৰু অমিত শ্বাহে দলীয় ৰেলীত কংগ্ৰেছক আক্ৰমণ কৰি আছিল বুলি অভিযোগ উত্থাপন কৰে৷অমিত শ্বাহে শোক পৰ্যন্ত ঘোষণা নকৰিলে বুলি কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যেৱালাই গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

কংগ্ৰেছ প্ৰৱক্তাগৰাকীয়ে আৰু কয় যে যিটো সময়ত শ্বহীদ জোৱানকলৈ সমগ্ৰ দেশে কান্দি আছিল তেতিয়া নৰেন্দ্ৰ মোডীয়ে জিম কৱাৰ্ট পাৰ্কত গধুলি পৰ্যন্ত ফটো শ্বুট কৰি আছিল৷ সমগ্ৰ বিশ্বত এনে প্ৰধানমন্ত্ৰী আছেনে? প্ৰধানমন্ত্ৰীৰ এনে আচৰণৰ বাবে কবলৈ কোনো শব্দ নাই৷ আক্ৰমণৰ পিছত মোডী আৰু শ্বাহে ৰাষ্ট্ৰীয় শোক ঘোষণা নকৰিলে৷

তেওঁলোক ৰেলী আৰু ৰাজনৈতিক কাৰ্যক্ৰম বন্ধ কৰা নহ’ল৷ইমানে নহয় প্ৰধানমন্ত্ৰীৰ দক্ষিণ কোৰুিয়া ভ্ৰমণ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে শ্বহীদ পৰিয়ালৰ লোকে ৰৈ থাকিব লগা হৈছিল বুলি কয় কংগ্ৰেছ নেতা সূৰ্যেৱালাই৷সূৰ্যেৱালাই কাশ্মীৰৰ অস্থিৰ পৰিস্থিতিৰ বাবে প্ৰশ্ন উত্থাপন কৰি কয় যে সন্ত্ৰাসবাদীয়ে কেনেকৈ ইমান পৰিমাণৰ আৰডিএক্স আৰু ৰকেট লাঞ্চাৰ পালে?চিআৰপিএফ নিয়োগ কৰাত পলম হোৱা বুলি কৈ এয়াৰলিফ্ট কিয় নকৰিলে বুলি প্ৰশ্ন উত্থানপ কৰে৷জঈছ-ই-মহম্মদে বাৰে বাৰে ভাবুকি প্ৰদান কৰা ভিডিঅ’ প্ৰচাৰ কৰি অহাৰ পিছতো মোডীয়ে কিয় গুৰুত্ব প্ৰদান নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।