টকা দিলেই পোৱা যায় ডি এল এড ডিগ্ৰীৰ প্ৰমাণ পত্ৰ! ভুৱা ডিগ্ৰীৰ নামত লাখ লাখ টকা আত্মসাৎ, কিন্তু ক’ত?

 10/29/2019 - 13:11

ঢকুৱাখনাঃ অসম চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ টেট পৰীক্ষাৰ বাবে ডি এল এড উত্তীৰ্ণ বা ইয়াত অধ্যয়ন কৰাৰ ৰিছিপ অনলাইনত আপলোড কৰাটো বাধ্যতামূলক কৰাৰ পাছতে কাহিলিপাৰা এছ চি ই আৰ টিয়ে ৰাজ্যৰ লাখ লাখ শিক্ষিত যুৱকক লৈ কি বেপাৰ চলাই আহিছিল সেয়া স্পষ্ট হৈ পৰিছে। এইক্ষেত্ৰত ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ঢকুৱাখনাৰ সোৱণশিৰি মাদাৰ টেৰেছাৰ অধ্যক্ষ আৰু কেৰাণীয়ে ২০১৭ চনৰ পৰা ডি এল এড ডিগ্ৰী দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে শিক্ষাৰ্থীসকলে। এইবাৰ সোৱণশিৰি মাদাৰ টেৰেছাৰ অধ্যক্ষ গনেশ্বৰ দলে আৰু কেৰাণী যুগেশ্বৰ পেগুৰ পৰা মেলিছে দুৰ্নীতিৰ বেহা।

২০১৯বৰ্ষত ১৫০ৰো অধিক শিক্ষাৰ্থীক ডি এল এড কৰাৰ নামত ৫০০০টকাৰ পৰা ৭৫০০লৈকে নমাহতে ডি এল এডত নামভৰ্তি প্ৰদানৰ ব্যৱস্থা কৰিছিল। চৰকাৰে ২০১৭ বছৰৰ পিছত দূৰৱৰ্তী ডি এল এড অবৈধ ঘোষণা কৰাৰ পিছতেই বিপাঙত পৰে শিক্ষাৰ্থীসকলে। সেয়েহে পইচা ঘূৰাই দিম বুলি কৈ চাৰি-পাঁচজন অধ্যক্ষই শিক্ষাৰ্থীসকলক কলেজত মাতি পঠিয়াই যদিও প্ৰত্যকদিনাই পলায়ন কৰি ফুৰিছে। সোমবাৰে পুনৰ মাতি পঠিওৱাত কলেজত কাকো দেখা নাপায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।