আৰু এক ঘৃণনীয় বিশ্বৰেকৰ্ড!

 04/11/2019 - 19:21

জ্ঞানেন চক্ৰৱৰ্তীঃ আৰু এক ঘৃণনীয় বিশ্বৰেকৰ্ড! এইবাৰৰ স্থান ভাৰতৰ ৰাষ্ট্ৰপতি ভৱন চৌহদ! ৰাষ্ট্ৰপতি ভৱনৰ কৰ্মচাৰী নিশান্ত যাদৱে যোৱা মঙলবাৰে নিশা ৰাষ্ট্ৰপতি ভৱন চৌহদতে দিল্লীৰ এগৰাকী এমএছচি পঢ়ি থকা ছাত্ৰীক ধৰ্ষণ কৰে!

ছাত্ৰীগৰাকীৰ বিয়াৰ আগমুহূৰ্তত নিশান্ত যাদৱে ছাত্ৰীগৰাকীক ৰাষ্ট্ৰপতি ভৱন চৌহদৰ কোৱাৰ্টাৰলৈ মাতি নি মঙলবাৰে নিশা ধৰ্ষণ কৰে। অৱশ্যে দিল্লী পুলিচে কেছ ৰুজু কৰিছে যদিও অভিযুক্ত নিশান্ত যাদৱ পলাতক হৈ আছে। স্বাধীনতাৰ তেসত্তৰ বছৰীয়া ৰেকৰ্ড নহয়নে বাৰু?

সচাঁকৈয়ে ধিক্কাৰ উপজিছে নিজৰেই ওপৰত! যি স্থানৰ পৰা দেশৰ ৰাইজে চূড়ান্ত ন্যায় পাব পাৰে সেই স্থানত আমাৰ দেশৰ এগৰাকী ছাত্ৰীৰ কৌমাৰ্য চিৰদিনৰ বাবে সৰি পৰিছে! হে দেশ, আমিতো তোমাৰ বাবেই জীয়াই আছো! হে দেশ, তুমি সচাঁকৈয়ে মহান!!

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।