মদ, জুৱা বন্ধ কৰাৰ দাবীত জিলা উপায়ুক্তক স্মাৰক পত্র প্ৰদান বৰপেটা জিলা আমছুৰ

 11/01/2019 - 19:35

হাউলীঃ সম্প্ৰতি বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত কিছুমান অসামাজিক ব্যক্তিৰ উদ্যোগত অবাধে চলি থকা মদ, ভাং, জুৱা, আদি সমাজৰ নিকৃষ্ট কাৰ্যকলাপ অতি শীঘ্ৰে বন্ধ কৰাৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম আৰু সধাৰণ সম্পাদক ৰহিদুল শিকদাৰৰ নেতৃত্বত এটি সজাতি দলে শুকুৰবাৰে দিনৰ বাৰ বজাত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত সাধন সৰকাৰক সাক্ষাৎ কৰি এখন স্মাৰক পত্র প্ৰদান কৰে|

জিলা প্ৰশাসনে আমছুৰ স্মাৰক পত্রৰ ওপৰত কেনে ধৰণৰ কাৰ্যব্যৱ্স্থা গ্ৰহন কৰে সেয়া হ’ব লক্ষণীয়|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।