দক্ষিণ শালমাৰাৰ ফকীৰগঞ্জত ট্ৰেক্টৰ দুৰ্ঘটনা

 11/03/2019 - 19:31

হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফাঁকিৰগঞ্জত দেওবাৰে অনাময় আঁচনিৰ শৌচালয় নিৰ্মান কৰিবলৈ সামগ্ৰী কঢ়িওৱা ট্ৰেক্টৰ এখন দুৰ্ঘটনাত পতিতহৈ এজন লোক নিহত হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা সমষ্টিৰ ফাকিৰগঞ্জ থানা এলেকাৰ সোণৰপাৰ গাঁৱত আজি দিনৰ প্ৰায় 2 বজাত এখন ট্ৰেক্টৰ দুৰ্ঘটনা হয়।

এই দুৰ্ঘটনাত গাঁৱখনৰ আমজাদ আলিৰ পুত্ৰ মণিৰ উদ্দীন নামৰ 25 বছৰীয়া ট্ৰেক্টৰ চালকজন থিতাতে নিহত হয়। আৰক্ষীসূত্ৰে প্ৰকাশ কৰা মতে চালকজন ট্ৰেক্টৰ ভৰ্তি কৰি অনাময় আঁচনিৰ কামৰ বাবে বালি কঢ়িয়াই নিয়া অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। চালকজন নিহত হোৱাৰ পাছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসমীৰক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।