বৰপেটাত আৰ বি এফ কলেজৰ উদ্যোগত যুৱ মহোৎসৱ

 11/04/2019 - 14:30

বৰপেটাঃ বৰপেটা জিলাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা আৰ বি এফ কলেজ বৰপেটাৰ তৰফৰ পৰা যুৱ মহোৎসৱৰ আয়োজন কৰা হয়। বৰপেটা তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত তৰ্ক, কুইজ, আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

দেওবাৰৰ এই যুৱ মহোৎসৱত আৰ বি এফ কলেজৰ অধ্যক্ষ‌ই নিজৰ ভাষণ প্ৰসংগত জনায় যে, আগন্তুক দহ বছৰৰ ভিতৰত আৰ বি এফ কলেজ ব্যক্তিগত খণ্ডৰ প্ৰথমখন বিশ্ববিদ্যালয়লৈ উন্নিত হ’ব। লগতে তেওঁ আৰু জনায় যে, বৰ্তমান প্ৰতিযোগিতাৰ যুগত ফেৰ মাৰিবলৈ আৰ বি এফ কলেজৰ ২০ জন ছাত্ৰ ছাত্ৰীক আমেৰিকাৰ NASA, IIT, AIMS'ত পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়। মহোৎসৱৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে।

বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, শৈক্ষিক উত্তৰণেৰে ছাত্ৰ ছাত্ৰীয়ে নিজৰ অধিকাৰ সাৱ্যস্ত কৰিব লাগিব। মুকলি সভাত মেঘালয়ৰ "ইউনিভাৰ্চিটি অফ চাইন্স এণ্ড টেকন'লজী"ৰ ডীন ড° অমিত চৌধুৰী, "ইউনিভাৰ্চিটি অফ চাইন্স এণ্ড টেকন'লজী"ৰ গণিত বিভাগৰ অধ্যাপক ড° ৰঞ্জন কলিতা আৰু হৰেন্দ্ৰ চিত্ৰা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তইবুৰ ৰহমানেও ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

আৰ বি এফ কলেজৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত ভাষণ প্ৰদান কৰে আৰ বি এফ কলেজৰ সঞ্চালক চফিউৰ ৰহমানে। মুকলি সভাত আৰ বি এফ কলেজৰ ৰেক্তৰ জলিলুৰ ৰহমানৰ লগতে অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।