নগাঁৱত ম'বাইল থপিয়াই ৰাজপথত আঠুকাঢ়িলে দুই যুৱকে

 11/07/2019 - 17:00

নগাঁওঃ সময় সদায় একে নাথাকে৷ সদায় ৰাজপথত ভুক্তভোগীৰ চকুত চকুপানী দেখিছে কিন্তু আজি চোৰৰ চকুত চকুপানী৷ নগাঁৱত ম'বাইল থপিয়াই ৰাজপথত আঠু কাঢ়িবলগীয়া হ'ল দুই যুৱকে। নগাঁও চহৰৰ ষ্টেডিয়াম মাৰ্কেটত এগৰাকী ব্যক্তিৰ পৰা ম'বাইল থপিয়াই পলায়ণ কৰিছিল এই দুই চোৰে। কিন্তু একাংশ প্ৰত্যক্ষদৰ্শীয়ে দৌৰি দৌৰি কৰায়ত্ত কৰে এই দুই চোৰক। তাৰপিছত ৰাজপথতে কাণত ধৰাই আঠুকঢ়াই আৰক্ষীৰ হাতত গটাই দিয়ে এই চোৰ দুটাক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।