কাকপথাৰৰ হাঁহখাটি পথাৰ গাঁৱত নৃশংস হত্যাকাণ্ড, পুত্ৰই ঘপিয়াই ঘপিয়াই হত্যা কৰিলে পিতৃক

 11/08/2019 - 17:16

কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ হাঁহখাটীত সংঘটিত হৈছে গাৰ নোম সিয়ৰি হৈ যোৱা এক লোমহৰ্ষক হত্যাকাণ্ড৷ নিজ পিতৃক মৰিয়াই মৰিয়াই দা আৰু কুঠাৰেৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিছে এজন কুলাঙ্গাৰ পুত্ৰই৷ কাকপথাৰ থানাৰ অন্তৰ্গত হাঁহখাটি পথাৰ গাঁৱত মনজয় গগৈ নামৰ কুলাঙ্গাৰ পুত্ৰই নিজ গৃহতে পিতৃ নিয়ানন্দ গগৈ ক লাঠি আৰু চোকা অস্ত্ৰৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে৷ নিশা প্ৰায় ১১ মান বজাত মনজয়ে মদৰ ৰাগিত মতলীয়া হৈ আহি পিতৃৰ লগতে মাতৃকো শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ ধৰে৷

নৰাধম পুত্ৰই মাতৃ গৰাকীক প্ৰহাৰ কৰাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰোতেই মনজয়ে কুঠাৰ, দা, চিপৰাং ইত্যাদি চোকা অস্ত্ৰ ব্যৱহাৰ কৰি লোমৰ্হষকভাৱে পিতৃক হত্যা কৰাৰ লগতে মাতৃকো দাৰে হাতত ঘপিয়াই পলায়ণ কৰে৷ স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মনজয় গগৈক অঞ্চলটোত বিচাৰি তালাচী চলাই যদিও কাষতে থকা ঘন হাবিৰ সুযোগ গ্ৰহণ কৰি পলাই সাৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে হত্যাকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ এইদৰে নিজ পুত্ৰই পিতৃক হত্যা কৰাৰ ঘটনাই সমগ্ৰ তিনিচুকীয়া জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।