বৰপেটা জিলা কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে বলভদ্ৰ দাসক নিযুক্তি

 11/08/2019 - 18:36

বৰপেটাঃ বৰপেটা জিলা কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী বলভদ্ৰ দাসক জিলা কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছে৷ জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাৰ এক নিৰ্দেশ মৰ্মে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক(প্ৰশাসন) ৱাজেদ আলী আনচাৰীয়ে বলভদ্ৰ দাসক জিলা কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়ে৷ বলভদ্ৰ দাসক জিলা কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াৰ বাবে জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলে সন্তুষ্টি প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।