বৰপেটা মুছলিমপট্টি মহিলা গোটৰ দ্বাৰা ফাটেহা ই দোৱাজ দহম উপলক্ষে স্বচ্ছ ভাৰত অভিযান

 11/09/2019 - 12:16

বৰপেটাঃ সুস্থ পৰিৱেশ সুস্থ মন এই বাণীকে সাৰোগত কৰি বৰপেটা মুছলিমপট্টি মহিলা গোটৰ দ্বাৰা ফাটেহা ই দোৱাজ দহম উপলক্ষে শমিবাৰে পুৱা ৬ বজাত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুছলিমপট্টি মহিলা গোটৰ সদস্যসকলক সংগ দিয়ে স্থানীয় যুৱককে ধৰি কণ কণ লৰা-ছোৱালীয়ে।

তেওঁলোকে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ আৱক্ষ মূৰ্তিৰ চৌহদ পৰিষ্কাৰ কৰাৰ লগতে বৰপেটা চহৰৰ বাট পথ সমূহ চিকুণাই তোলে। পৰৱৰ্তী সময়ত এই মহিলা গোটৰ সদস্যসকলে বৰপেটা খাদেমুল ইছলাম সমাজৰ সৌজন্যত দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ফাটেহা ই দোৱাজ দহম উপলক্ষে মিলাদ এ মেহফিলৰ আয়োজন কৰা ঈদগাহ ময়দান চৌহদ তথা বৰপেটা কবৰস্থান সংলগ্ন পথত চাফাই কৰে এই স্বচ্ছ ভাৰত অভিযানৰ নেতৃত্ব বহন কৰে আন্তঃৰাষ্ট্ৰীয় প্ৰবীণ খেলুৱৈ চেলিম আৰা হুছেইনে।

যোৱা ১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই স্বচ্ছ ভাৰত অভিযান এতিয়াৰ পৰা প্ৰতি দেওবাৰে অনুষ্ঠিত হ’ব বুলি জানিব দিয়ে। শনিবাৰৰ এই কাৰ্যসূচীত মুছলিমপট্টিৰ মহিলাসকলৰ লগতে স্থানীয় বিহাৰী হিন্দু ধৰ্মাৱলম্বী মহিলা সকলেও অংশগ্ৰহণ কৰে। হিন্দু মুছলমানৰ এই সাতামপুৰুষীয়া ঐক্য সম্পৃতি যাতে এনেদৰেই চিৰজীৱন অটুট থাকে তাৰ বাবে সকলোৱে কামনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।