ভেৰগাঁৱৰ ভূটিয়াচাঙত বন্যহস্তীৰ আক্ৰমণ

 11/10/2019 - 12:38

ভেৰগাঁৱঃ ভাৰত-ভূটান সীমান্তত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি খেতিপথাৰ, ভড়ালৰ ধান-চাউল খাই নষ্ট কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি নিতৌ গৃহহাৰা কৰিছে পৰিয়ালক কেৱল ঘৰ-দুৱাৰ ভাঙিয়েই শান্ত থকা নাই বন্যহস্তীয়ে ছলিত বৰ্ষতে বন্যহস্তীৰ আক্ৰমণত ভেৰগাঁও মহকুমাতে নিহত হৈছে ২৩ জনকৈ নিৰিহলোক৷

ইফালে মৃত্যু হৈছে পাঁচটাকৈ বন্যহস্তীৰো৷ নিশা ভেৰগাঁৱৰ ৫ নং ভূটিয়াচাংত প্ৰৱেশ কৰে এটা বৃহৎ বন্যহস্তীৰ জাক বন্যহস্তী অহাৰ উমান পাই নিজৰ খেতিদৰা চাবলৈ আহোতেই মনছুক বাৰলা লোকজনক বন্যহস্তী এটাই গছকি নিহত কৰে৷ ইফালে গাঁওখনত বন্যহস্তীয়ে প্ৰৱেশ কৰাৰ লগে লগেই ৰাইজে বনবিভাগক খবৰ দিয়ে যদিও বনবিভাগৰ লোক উপষ্ঠিত নোহোৱাত ক্ষোভ উজাৰে ৰাইজে৷

দিনৰ পোহৰত চাহ বাগিছাসমূহত বাহৰ পাতে আৰু নিশা হোৱাৰ লগে লগেই গাঁওসমূহত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ, ভঙাৰ লগতে মানুহকো হত্যা কৰে৷ হাতী-মানুহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিভাগটো৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।