সোনাপুৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

 11/11/2019 - 18:02

সোনাপুৰঃ সোমবাৰে দিনৰ প্ৰায় দুইমান বজাত সোনাপুৰ চামতাপথাৰৰ গাতে লাগি থকা পাহাৰৰ পৰা গাঁৱৰ মাজলৈ এডাল প্ৰকাণ্ড অজগৰ নামি অহাক লৈ স্হানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যই বিৰাজমান কৰা দেখা গৈছিল যদিও পিছত একাংশ সচেতন ব্যক্তিৰ তৎপৰতাত অজগৰ ডাল সুকলমে উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়াৰ ব্যৱস্থা কৰে৷ উল্লেখ্য যে প্ৰত্যক্ষদৰ্শীৰ মতে অজগৰদালৰ মুখমণ্ডলত যথেষ্ট আঘাতৰ চিন পৰিলক্ষিত হোৱা দেখা গৈছে৷ যিবোৰ আঘাত পুৰণা বুলি স্পষ্ট কৰিছে যিহেতু মুখমণ্ডলৰ ঘাবোৰ অলপ শুকাবলৈ ধৰা দেখা গৈছে৷ সেয়েহে তেওঁলোকে বনবিভাগক অজগৰ দালৰ সুচিকিৎসাৰ বাবে দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।