শিশু অধিকাৰ আইনৰ ভেকো ভাওনাঃ শিশু দিৱসৰ দিনাই হাতত দা লৈ স্বচ্ছ ভাৰত অভিযানত কণ-কণ শিশু

 11/14/2019 - 16:16

কামপুৰঃ পঢ়াশালি এৰি পুৱাই হাতত দা ললে এজাক শিশুৱে। উদ্দেশ্য নৰেন্দ্ৰ মোডীৰ স্বচ্ছ অভিযান। শিশু দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ ননৈ গোমোঠা গাঁৱৰ জ্যোতি চিত্ৰাংকণ বিদ্যালয়ৰ উদ্যোগত লক্ষ্মীনাথ বেজবৰুৱা প্ৰাথমিক বি্দ্যালয় আৰু অংগনৱাদী কেন্দ্ৰৰ সহযোগত অনুস্থিত কৰা শিশু দিৱস উদযাপন কৰে। শিশু দিৱসৰ লগত সংগতি ৰাখি অনুস্থিত কৰা স্বচ্ছভাৰত অভিযানত ৰাজপথত হাতত দা লৈ চাফাই অভিযানত অংশ ল’বলৈ বাধ্য কৰালে শিক্ষকে।

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ ননৈতো শিশু দিৱস উদযাপন। ননৈ জ্যোতি চিত্ৰাংকণ বিদ্যালয়ৰ উদ্যোগত লক্ষ্মীনাথ বেজবৰুৱা প্ৰাথমিক বিদ্যালয় আৰু দক্ষিণ ননৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত অংগনৱাদী কেন্দ্ৰ সহযোগত উদযাপন কৰে শিশু দিৱস। শিশু দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে জৱাহৰলাল নেহৰু প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰে।

শিশু দিৱসৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰে। স্বচ্ছ ভাৰত অভিযানত ননৈ গোমোঠা গাঁৱৰ বৃদ্ধাৰ লগতে মহিলা সকলেও অংশগ্ৰহণ কৰে। আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক বুলি কোৱা কণ-কণ শিশুসকলক স্বচ্ছ ভাৰত অভিযানৰ নামত ব্যৱহাৰ কৰাটো কিমান যুক্তিসংগত তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।