শিশু দিৱসৰ দিনাই ধেমাজিত তিনিমহীয়া শিশুৰ কৰুণ মৃত্যু

 11/14/2019 - 17:07

ধেমাজিঃ সমগ্ৰ ৰাজ্যত শিশু দিৱস পালন কৰা মাজতে ধেমাজি জিলাত এটি তিনিমহীয়া শিশুকৰুন মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চ্যল সৃষ্টি কৰিছে। ধেমাজি জিলা ৩ নং বিষ্ণুপুৰ নিবাসী বিশ্বজিত দাসৰ এটি তিনিমহীয়া শিশুক, যোৱা কালি ৪নং বিষ্ণুপুৰ অংগনবাদী কেন্দ্ৰত দুটা বেজী আৰু প'লিঅ' দৰব খোৱাৰ পিছৰে পৰা জ্বৰ উঠিবলৈ ধৰে।

পিতৃ বিশ্বজিত দাস আৰু মাতৃ-ভাৰতী মণ্ডল দাসে পুৱা ৭ বজাত ধেমাজি জিলা অসামৰিক চিকিৎসাললৈ লৈ আনিছিল যদিও ২ ঘন্টা ধৰি চিকিৎসালয়ত ডাঃ, নাৰ্চৰ কোনো ধৰণৰ সহাৰি নোপোত শিশুটিয়ে মৃত্যুক আকোৱালি ল'বলগা হয়। এটিয়া পিতৃ মাতৃয়ে অভিযোগ উত্থাপন কৰিছে যে অনভিজ্ঞ নাৰ্চ আৰু ডাঃ সকলৰ ময়মতালি বাবে শিশু মৃত্যু হোৱা বুলি জানিব দিয়ে। ইয়াৰ পাছতো স্বাস্থ্যবিভাগে এইসকল ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।