তিনিচুকীয়া জিলাৰ বাদলাভেটা-দুৱাৰমৰাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

 11/15/2019 - 12:27

ডুমডুমাঃ এইবাৰ বাদলাভেটা-দুৱাৰমৰা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমিষ্টিৰ অন্তৰ্গত বাদলাভেটাৰ পৰা দুৱাৰমৰা সংযোগী পথ নিৰ্মানত ঠিকাদাৰী প্ৰতিষ্ঠানে নিম্নমানৰ কাম কৰাৰ অভিযোগ কৰিছে ৰাইজে। প্ৰধানমন্ত্ৰী গ্ৰাম চৰোজ যোজনাৰ অধীনত ৭,২৫,৫৫,৭২৬ টকা ব্যয় সাপেক্ষে বাদলাভেটাৰ পৰা দুৱাৰমৰালৈ প্ৰায় ১০ কিলোমিটাৰ পথৰ নিৰ্মাণ কাৰ্য চলি আছে। এই পথছোৱা নিৰ্মাণৰ ঠিকা বি.বি. এন্টাৰপ্ৰাইজ নামৰ এটা পথ নিৰ্মাণকাৰী ঠিকাদাৰী দল লাভ কৰিছে।

কিন্তু পথ নিৰ্মাণৰ কিছুদিন পাছতেই নিৰ্মাণ কৰা পথৰ ঠায়ে-ঠায়ে বখলা বখলে এৰি আহিছে। পথছোৱা নিৰ্মাণ কৰোতে মাটিৰ ওপৰতেই ব্লেকটেপিং দিয়াৰ বাবেই এনেদৰে পথছোৱা বখলা বখলে এৰি অহা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । যাৰ পৰিপেক্ষিতত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ লগতে স্থানীয় ৰাইজে পথছোৱাৰ নিৰ্মাণকাৰী সংস্থাৰ লগতে অভিযন্তা উপস্থিত হৈ নিৰ্মাণকাৰ্যৰ তদাৰক নকৰা পৰ্যন্ত পথৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।