কামপুৰ থানাত আৰক্ষী আৰু জনতাৰ মাজত কুৰুক্ষেত্ৰ

 11/18/2019 - 15:39

কামপুৰঃ কামপুৰ থানাত অঘটন। আৰক্ষীক প্ৰহাৰ কৰে একাংশলোকে। হিপজুৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। ৰহস্যজনক কাৰণত মৃত্যু হোৱা হিপজুৰৰ পৰিয়ালৰলোকে নগাওঁ সদৰ থানাৰ অন্তৰ্গত ৰাঙলু আৰক্ষী চকীত এটা গোচৰ তৰিছিল যদিও সোমবাৰে হঠাৎ যুৱকজনৰ নিজা গাওঁ ঘিলানীৰ প্ৰায় শতাধিকলোকে কামপুৰ থানাত আক্ৰমণ কৰে।

ৰাইজৰ অভিযোগ আৰক্ষীয়ে গুৰুত্ব দিয়া নাই তেওঁলোকক। আনফালে আৰক্ষীৰ অভিযোগ একাংশ লোকে পৰিকল্পিত ভাৱে এই ঘটনা সংঘটিত কৰিছে। উত্তেজিত লোকসকলে কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক শিলৰে আক্ৰমন কৰা লগতে আন এগৰাকী মহিলা আৰক্ষীকো আক্ৰমণ কৰে। আনকি উত্তেজিত লোকে আৰক্ষী বিষয়া জনৰ বাসগৃহ পৰ্য্যন্ত আক্ৰমণ কৰে। আৰক্ষীয়ে উত্তেজিত লোকসকলক চত্ৰ ভংগ দিয়াৰ লগতে তাইজুল ইছলাম নামৰ এজনক কাৰায়ত্ত কৰে।উল্লেখ্য যে ৰাঙলু দি কামপুৰ থানাত আক্ৰমণ কৰা লগতে আইন হাতত তুলি লোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।