লখিমপুৰত অবৈধ শিল ভঙা মেচিন বন্ধৰ দাবীত মিচিং জাতীয় সংগঠনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

 11/18/2019 - 15:51

লখিমপুৰঃ লখিমপুৰৰ চাউলধোৱা, থেকেৰাগুৰি অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠা শিলভঙা মেচিন বন্ধৰ দাবীত TMPK, MMK, TMMK ৰ চাউলধোৱা আঞ্চলিক সমিতিয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। এই প্ৰতিবাদত স্কুলীয়া শিক্ষাৰ্থীসকলেও পূৰ্ণ সহযোগ কৰে। সংগঠনসমূহে একত্ৰিতভাৱে অতিশীঘ্ৰে মানুহৰ জীৱনৰ প্ৰতি সংশয় নমাই অনা ক্ৰেছাৰসমূহ বন্ধৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।