নাৰায়ণপুৰত ফেচবুকেই কাল হ'ল দুগৰাকী যুৱতীৰ

 11/19/2019 - 15:40

নাৰায়ণপুৰঃ ফেচবুকেই কাল হ'ল দুগৰাকী যুৱতীৰ। ফেচবুকত প্ৰথমে হায়-হেল্ল৷ তাৰ পিছত প্ৰলোভনেৰে প্ৰেমৰ জাল৷ লখিমপুৰৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে এনে এক ঘটনা৷ অসম-অৰুণাচল সীমান্তৱৰ্তী শিমলুগুৰিৰ নিমুৰীৰ এজন যুৱকে ফেচবুকত মেলিছিল প্ৰেমৰ জাল৷ বিভিন্ন প্ৰলোভনেৰে প্ৰেমৰ জালত পেলাই শেষত প্ৰতাৰণাৰে এৰে যুৱতীক৷

ছমাহ পূৰ্বে ফেচকুকৰ জৰিয়তে জালত পেলাই নাৰায়ণপুৰৰ কিনাপথাৰৰ এগৰাকী প্ৰিয়ংকা দেউৰী নামৰ এগৰাকী যুৱতীক৷ যুৱতী গৰাকীৰ চিৰদিনৰ সপোন দেখুৱাই চাৰিদিন পূৰ্বে প্ৰতাৰণা কৰোতেই ৰাইজৰ ৰোষত পৰি বাধ্য হৈছিল বিয়া কৰাবলৈ৷ দুয়োৰে তিনিদিন ধৰি চলিল সুখৰ সংসাৰ৷

চাৰিদিনৰ দিনা লাগিল অৰ্থন্তৰ৷ পেহীয়েকৰ ঘৰত দিন হাজিৰা কৰিবলৈ বুলি ওলাই যোৱা প্ৰশান্ত আৰু ঘূৰি নাহিল৷ নিশা তিনিবজাত পত্নী প্ৰিয়ংকালৈ ফোন প্ৰশান্তৰ৷ অনলাইন আহিবলৈ কৈ ক'লে ধলপুৰৰ অনামিকা নামৰ আন এগৰাকী যুৱতীক লগত লৈ পলাই যোৱাৰ কথা৷ লগতে ক'লে তই মৰি যা! ঘৰত গ'লেও গুচি যা৷

মই অনামিকাক লৈ বাংগালোৰ অভিমূখে৷ পুৱাই ফেচবুকত প্ৰশান্তৰ চালনাৰ বলি হৈ প্ৰতাৰণা সন্মুখীন হোৱা যুৱতীগৰাকী এতিয়া শিমলুগুৰি আৰক্ষী চকীত৷ লগত প্ৰশান্ত মাতৃ৷ চাৰিদিন পূৰ্বে বিয়া কৰোৱা যুৱতী গৰাকী লাগে ন্যায়৷ ফেচবুকত চালনাৰ জাল পেলাই চাৰিদিনত দুগৰাকী অনা প্ৰশান্তৰ এনে কাণ্ডই হতবাক কৰি তুলিছে সকলোকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।