ধেমাজিত জীয়াঢ়ল নদীৰ বানপানীৰ তাণ্ডৱ

 11/20/2019 - 15:24

ধেমাজিঃ বাৰিষা গʼল খৰালি আহিল কৃষকৰ মুখত হাঁহি বিৰিঙিল কিন্তু কৃষকসকলৰ এই হাঁহি নিমিখতে চুৰ মাৰ হ’ল পশ্চিম ধেমাজি অঞ্চলৰ। তিনিদিন ধৰি জীয়াঢ়ল নদী পানীয়ে ৬ টাকৈ পঞ্চায়তৰ আগুৰি ধৰি জীয়াতু ভুগাইছে স্থানীয় ৰাইজক। আঘোন মাহৰ সোনালী পথাৰ, বিভিন্ন ধৰণৰ শস্যৰ লগতে ঘৰ দুৱাৰ তচনচ কৰা পৰিলক্ষিত।

জীয়াঢ়ল নদীয়ে সুঁতি সলোৱাবাবে এই সমস্যা সৃষ্টি হয় বুলি জানিব দিয়ে। অতি পৰিতাপৰ বিষয় যে এতিয়ালৈকে জনপ্ৰতিনিধি তথা চৰকাৰ কোনো বিষয় ববিয়া এই স্থানত উপস্থিত নোহোৱাক স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰিছে। এই বৃহৎ সমস্যাসমূহ সমাধান কৰিব বাবে শাসনাধিষ্টিত চৰকাৰক আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.