হোজাইত কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনা গ্ৰস্ত

 11/20/2019 - 18:06

ডবকাঃ যোৱা ৰাতি হোজাইত কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতি হোজাই জিলাৰ নিলবাগান আৰক্ষী পহৰা চকীৰ নিচেই ওচৰত এচ০১ কেচি০২৬১ নম্বৰৰ এখন কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হয়। জানিব পৰা মতে কয়লা ভৰ্তি ট্ৰাকখন উমৰাংচু তিনকিলোৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত উক্ত দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানে এচ০১ জেচি৪৪৬১ নম্বৰৰ ট্ৰাক খনৰে কয়লা খিনি নিয়াৰ বাবে কয়লা লোড কৰা হৈ আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।