আন দহজন নিবনুৱাৰ বাবে আদৰ্শ স্বৰূপ হোজাইৰ এজন যুৱক

 11/22/2019 - 15:49

লংকাঃ দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বিপৰীতে নিবনুৱা সমস্যাই গা কৰি উঠাৰ সময়তে হোজাই জিলাৰ লংকাৰ ন-খুটিৰ ছাদিকুল ইছলাম নামৰ যুৱকজন হৈ পৰিছে আন দহজন যুৱকৰ বাবে আদৰ্শস্বৰূপ। অতি দৰিদ্ৰ ঘৰৰ ছাদিকুলে কৰ্মসংস্থাপনৰ বাবে কেৰেলাত কাম কৰি পোৱা ধনেৰে নিজস্ব প্ৰচেষ্টাত লংকাৰ নাম খুটী বজাৰত আৰম্ভ কৰে চুপাৰ ছাহিনা নামেৰে এটা ডিটাৰজেন্ট পাউদাৰ প্ৰস্তোত কৰণৰ ফেক্টৰী।

অতি দৰিদ্ৰ ঘৰৰ এই যুৱকজনে কোনো ধৰণৰ চৰকাৰী সাহায্য অবিহনে কৰা এই প্ৰচেষ্টাক আদৰণি জনোৱাৰ লগতে, আগন্তুক দিনত চৰকাৰৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰাৰ বাবে আশাবাদী এই যুৱকজন। গতিকে এই আখ্যাত দৰিদ্ৰ পৰিয়ালৰ যুৱকজনক চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ প্ৰতিবিম্ব লাইভৰ জড়িয়তে প্ৰয়াস কৰিলোঁ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।