আমিনগাঁৱত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিকক নিৰ্মম প্ৰহাৰ দুৰ্বৃত্তৰ

 11/23/2019 - 19:00

আমিনগাঁওঃ  ৰাজ্যত পুনৰ সাংবাদিকৰ ওপৰত বৰ্বৰ আক্ৰমণ। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিক অনাঅসমীয়া ব্যৱসায়ীৰ নিৰ্মম প্ৰহাৰ। আমিনগাঁৱত দুৰ্বৃত্তই আক্ৰমনৰ বলি হ'ল দুজনকৈ সাংবাদিক। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা বৈদ্যুতিক মাধ্যমৰ সাংবাদিক ৰন্টু বৈশ্য আৰু ৰূপজ্যোতি দাসক নিৰ্মম অত্যাচাৰ কৰি মাৰধৰ কৰে। সম্প্ৰতি তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধিন সাংবাদিক দুজন। চাইল্ড লাইনে আমিনগাঁৱৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমীপৰ লাচিতপুৰত এটা গেৰেজৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ বাতৰি সংগ্ৰহ কৰি থাকোতেই অনা অসমীয়া দুৰ্বৃত্তই আক্ৰমণ সাংবাদিক দুগৰাকীক। গেৰেজৰ মালিক কৰ্মচাৰীৰ আক্ৰমনত গুৰুতৰভাৱে আহত সাংবাদিক দ্বয়। ইতিমধ্যে সাংবাদিকক আক্ৰমন কৰা গেৰেজৰ মালিকৰ বিৰুদ্ধে আমিনগাঁৱ আৰক্ষী চকীত ৰুজু হৈছে গোচৰ। ঘটনাস্থলীত কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্ত উপ আৰক্ষী অধীক্ষক কল্যান পাঠক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দোষী কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰক্ষী অধীক্ষকে। ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে দুৰ্বৃত্তৰ দলটোৱে। সাংবাদিকক আক্ৰমন কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে কামৰূপ জিলাৰ বিভিন্ন দল-সংগঠনে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।