বিজনীত লাচিত দিৱস উদযাপন

 11/24/2019 - 20:39

বিজনীঃ বিজনীৰ চিৰাং জিলাৰ বিজনীত দেওবাৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ চিৰাং, বঙাইগাঁও আৰু বৰপেটা জিলা কমিটিৰ উদ্যোগত লাচিত দিৱস উদযাপন কৰা হয়। বিজনী বড় কালিবাৰীস্থিত অনন্যা সেৱা ভৱনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় লাচিত দিৱস। তদুপলক্ষে পুৱা দলৰ পতাকা উত্তোলন কৰে হিন্দু যু্ৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি হেমন্ত তালুকদাৰে। কাৰ্যসূচী মৰ্মে ইয়াৰ পৰৱৰ্তী বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে বিজনী মহকুমা প্ৰাথমিক বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক গৌৰাঙ্গ চন্দ্ৰ বৰ্মনে। পাছত এখন মুকলি সভাও অনুষ্ঠিত কৰা হয়।

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ চিৰাং জিলা সভাপতি নাৰদ ৰায়ে আঁত ধৰা মুকলি সভাখনত পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি হেমন্ত তালুকদাৰ, বিজনী মহকুমা প্ৰাথমিক বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক গৌৰাঙ্গ চন্দ্ৰ বৰ্মন, পৰিষদৰ বৰপেটা আৰু বঙাইগাঁও জিলাৰ সভাপতিদ্বয় ক্ৰমে কন্দৰ্প তালুকদাৰ আৰু দেৱজীৎ নাৰায়ণকে আদি কৰি উপস্থিত অতিথিবৃন্দই জাতীয় বীৰ লাচিত বৰফুকন সন্দৰ্ভত আলোকপাত কৰে। ইয়াৰ পৰৱৰ্তী আয়োজক কমিটিয়ে 'আয়তি নাম প্ৰসংগ'ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। বিজনীৰ স্থানীয় আঁঠটা আই নাম দলে অংশগ্ৰহণ কৰা আয়তি নাম প্ৰসংগ প্ৰতিযোগিতাত খুজুৰাপগুৰী আই নাম দলে প্ৰথম, দোঙাগাঁও আই নাম দল দ্বিতীয় আৰু কলবাৰী আই নাম দলে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।