কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ

 11/25/2019 - 16:01

শ্ৰীৰামপুৰঃ আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। এই বাক্য শাৰী প্ৰযোজ্য হৈছে জনস্বাস্হ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ ক্ষেত্ৰত। বছৰ বছৰ ধৰি বন্ধ হৈ আছে পানী যোগান আঁচনিখন। চৰকাৰে ৰাইজৰ সুবিধাৰ্থে আঁচনিখন নিৰ্মাণ কৰিছিল যদিও ৰাইজে এই আচঁনিখনৰ পৰা কোনো ধৰণৰ উপকৃত নহ'ল। বিগত ১৫ বছৰৰ পৰা আজি পৰ্যন্ত বিশুদ্ধ পানী খাব পৰা নাই অঞ্চলটোৰ ৰাইজে। আঁচনিখন সম্পূৰ্ণ ৰূপে নিৰ্মাণৰ কাম কৰি চৰকাৰে কৰ্মচাৰী নিয়োগ কৰাৰ পিছতো বিশুদ্ধ খোৱা পানী আচঁনিখন বন্ধ হৈ আছে। যাৰ ফলত অঞ্চলটোৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বিৰত আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।