শ্বহীদ লাফিকুল সোঁৱৰণী ফুটবল প্ৰতিযোগিতা

 11/25/2019 - 21:02

কোকৰাঝাৰঃ কোকৰাঝাৰ ভোটগাঁৱত যুুুৱ সংঘৰ উদ্যোগত শ্বহীদ লাফিকুল ইছলাম আহমেদ সোঁৱৰণী ফুটবল প্ৰতিযোগি খেলখনৰ সোমবাৰে চূড়ান্ত খেলত বেলগুৰি ডাইমণ্ড ক্লাৱে চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে৷ বেলগুৰি ডাইমণ্ড ক্লাৱ বনাম কোকৰাঝাৰ এফচি দলৰ মাজত সোমবাৰে চূড়ান্ত প্ৰতিযোগিতাত দুয়ো দলে নিৰ্ধাৰিত সময়ত গ’ল দিবলৈ সক্ষম নোহোৱাত ট্ৰাইবেকাৰৰ সহায় লয়৷ ফলত কোকৰাঝাৰ এফচিক ৩/২ গ’লত ট্ৰাইবেকাৰত হৰুৱাই বিজয় সাব্যস্ত কৰে বেলগুৰি ডাইমণ্ড ক্লাৱে৷ বিজয়ী দলক বঁটাসহ নগদ ১৫ হাজাৰ আৰু ৰানাৰ্চআপ দলক ট্ৰফীসহ নগদ ১২ হাজাৰ টকা প্ৰদান কৰে৷

বঁটা বিতৰনী সমাৰোহত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী ৰানী শৰ্মা, এবিএমছুৰ জিলা মুখ্য উপদেষ্টা জবান আকন্দ, জাইদুল ইচলামকে ধৰি কোকৰাঝাৰ এফচি ফুটবল দলৰ প্ৰশিক্ষক ক্ৰমে গেওলাংসাৰ নাৰ্জাৰী, সমৰ বসুমতাৰী, ৰিনয় বসুমতাৰী, কনক চন্দ্ৰ বড়ো আৰু নৱজ্যোতি ৰায়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।