নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত গঢ়ি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা

 11/28/2019 - 13:29

নগাঁওঃ নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত বুধবাৰে পুৱাৰ ভাগত চাৰিওফালে গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা। কাৰণ বিনামূলীয়া ডায়েলাইচিছ্ চেন্টাৰ উদ্বোধন কৰিবলৈ আহিব ৰাজ্য চৰকাৰৰ স্বাস্থ্য, বিত্ত আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

\কিন্তু এয়া কি? এগৰাকী বৃদ্ধ মহিলা ৰোগী আহিছে হুইল চেয়াৰত। ঠেলি আনিছে কণমাণি নাতি ল'ৰাটোৱে। তাকে দেখি আগবাঢ়ি গ'ল সাংবাদিক আৰু আৰক্ষী। অৰ্ধসামৰিক বাহিনীৰ জোৱানে দাঙি আনিলে হুইল চেয়াৰ। এখন ই-ৰিক্সাত উঠাই ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিলে এগৰাকী ফটো সাংবাদিক আৰু অন্য এগৰাকী ব্যক্তিয়ে।

এয়াই বাস্তৱ। মন্ত্ৰী-আমোলাৰ আগমণে সৰ্বসাধাৰণৰ জীৱন যাত্ৰাত কিদৰে ব্যাঘাত জন্মায় তাৰেই যেন এয়া এক জীয়া ছবি। উল্লেখ্য যে, সেই সময়ত ৰুগীয়া বৃদ্ধা গৰাকীক সহায় কৰিবলৈ সময় নহ'ল চিকিৎসালয়খনৰ বিভাগীয় কৰ্মচাৰীসকলৰ। সকলো ব্যস্ত আছিল সভাখনক লৈ। অৱশ্যে হিমন্ত বিশ্ব শৰ্মা নহাত ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই উদ্বোধন কৰে ডায়েলাইচিছ চেণ্টাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।