ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

 12/02/2019 - 13:52

ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাই বাইক ৰেলি কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। সহস্ৰাধিক আছুৰ কৰ্মকৰ্তাৰ লগতে গৰীয়া মৰীয়া জাতীয় পৰিষদৰ সদস্যসকলে আছুৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী ৰেলি কৰি ৰঙিয়া চহৰৰ মুল পথ সমূহৰে গৈ পুণৰ আছুৰ কাৰ্যালয়ত মিলিত হয়।

আছু আৰু ৩০ টা জনগোষ্ঠীয়ে এনেদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰিদ্ধে প্ৰতিবাদ কৰাৰ পিচটো কেন্দ্ৰীয় চৰকাৰখনে বিধেয়কখন বাস্তৱ ৰূপ দিয়াৰ বাবে উঠিপৰি লাগিছে। তেনেস্থলত আছুকে ধৰি অসমৰ সকলো জনগোষ্ঠীয়ে এইখন বিধেয়ক কোনো কাৰণতে গৃহত হবলৈ নিদিয়ে বুলি বদ্ধ পৰিকৰ বুলি কামৰূপ জিলা ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে কয়। ইফালে আছুৰ এই বাইক ৰেলি কাৰ্য্যসূচীত ছাত্ৰসন্থাৰ কেইবাগৰাকী জিলা পৰ্যায়ৰ নেতাৰ লগতে গৰীয়া মৰীয়া দেশী জাতী পৰিষদৰ সভাপতি চামচুল হ'ক, সম্পাদক মোস্তাৰ ৰহমান উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।