ৰঙাপৰাত বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মীৰ অসহযোগ কৰ্মবিৰতি কাৰ্যসূচী

 12/02/2019 - 18:40

ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বৈদ্যুত উপ সংমণ্ডল কাৰ্যালয়ত বিদ্যুত বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে এক অসহযোগ (কৰ্মবিৰতী)কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ কৰ্মী সন্থা(পঞ্জীয়ন নং ২৭৭০)ই অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়া কৰনৰ লগতে ১১ দফীয়া দাবী পূৰণ কৰা সন্ধৰ্ভত ২ডিচেম্বৰ পৰা ৭ ডিচেম্বৰ লৈ এক অসহযোগ (কৰ্মবিৰতী) আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰঙাপৰা বিদ্যুত সংমণ্ডলত ২৪ জন অস্থায়ী কৰ্মী কৰ্মৰত আছে। সোমবাৰে পূৱাৰে পৰা সমগ্ৰ অসমৰ প্ৰতিটো বিদ্যুত উপ সংমণ্ডলৰ লগতে ৰঙাপৰাতো বিদ্যুত সংমণ্ডলত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে অসহযোগ(কৰ্মবিৰতী) আন্দোলনত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ কৰ্মী সন্থাই যোৱা ৭/১১/২০১৯ তাৰিখে চাকৰি নিয়মীয়াকৰনৰ লগতে বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন বিভাগীয় কতৃপক্ষক প্ৰদান কৰিছিল যদিও বিভাগীয় কতৃপক্ষই একো পদক্ষেপ গ্ৰহণ নকৰাত এই অসহযোগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি কৰ্মচাৰীসকলে সংবাদ মাধ্যমক অৱগত কৰে। কৰ্মচাৰীসকলৰ দাবী চৰকাৰে মানি নললে ৯ ডিচেম্বৰ পৰা বিজুলী ভৱনৰ সন্মুখত আমৰন অনসন তথা প্ৰতিটো উপ সংমণ্ডলত পুনৰ অসহযোগ(কৰ্মবিৰতী) কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিব দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।