বিভিন্ন অনুষ্ঠানেৰে লংকা প্ৰাথমিক শিক্ষাখণ্ডৰ সপ্তাহজোৰা বিশ্ব প্ৰতিবন্ধী দিৱসৰ সামৰণি

 12/03/2019 - 16:50

লংকাঃ সমগ্ৰ বিশ্বৰ লগতে ৩ ডিচেম্বৰৰ দিনটোত পালন কৰা "বিশ্ব প্ৰতিবন্ধী দিৱস" টি লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যেগত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। সপ্তাহজোৰাকৈ পালন কৰা বিশ্ব প্ৰতিবন্ধী দিৱসটি শিক্ষাখণ্ডটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় সমূহত ওলহ-মালহেৰে সমাপন হোৱাৰ পাছত মঙলবাৰে বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে শিক্ষাখণ্ডটোৱে।

প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰীসকলৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক উৎৰ্কষ সাধনৰ লক্ষ্যৰে পালন কৰা প্ৰতিবন্ধী দিৱসটিৰ সামৰণি অনুষ্ঠানটোৰ কাৰ্যসূচী পুৱাৰে পৰা আৰম্ভ হয়। খেল-ধেমালি, বৃক্ষৰোপন, চাফাই অভিযান, শোভাযাত্ৰাৰ অন্তত স্বাস্থ্য পৰীক্ষা শিবিৰ, সজাগতা সভা অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানটোত শিক্ষাখণ্ডটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।