12/05/2019 - 15:25
in

লখিমপুৰঃ বুধবাৰে নিশা লখিমপুৰত আছু কৰ্মীক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আছুৰ প্ৰতিবাদ। উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে সৰ্বানন্দ সোণেৱালৰ প্ৰতিকৃতি। বিভিন্ন শ্লো’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ। লগতে আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ আহ্বান জিলা প্ৰশাসনক, অন্যথা ইয়াতকৈ ভয়াবহ আন্দোলনৰ হুংকাৰ উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ। উত্তৰ লখিমপুৰ মহাবিদ্যালয় চাৰিআলিত এই প্ৰতিবাদ।