শিশু শিক্ষা সমিতি অসমৰ নগাঁও-লক্ষীমপুৰ বিভাগৰ বাৰ্ষিক যোজনা বৈঠক সম্পন্ন

 12/08/2019 - 13:24

উত্তৰ গুৱাহাটীঃ বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্হানৰ সংবদ্ধ, শিশু শিক্ষা সমিতি, অসমৰ নগাঁও আৰু লক্ষীমপুৰ বিভাগৰ প্ৰধানাচাৰ্য আৰু বিষয় প্ৰমুখসকলৰ তিনিদিনীয়া বাৰ্ষিক যোজনা বৈঠক সম্পন্ন হয়৷ ৬ ডিচেম্বৰ সন্ধ্যাৰ পৰা আৰম্ভ হোৱা বৈঠক খনিত বন্তি প্ৰজ্বলন আৰু সামূহিক বন্দনা পৰিৱেশনৰ পাছত উদ্ধোধনী অনুষ্ঠানত উদ্ধোধক হিচাপে ভাষণ প্ৰদান কৰে শিশু শিক্ষা সমিতি, অসমৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে৷ তেখেতে বৈঠকত সম্পূৰ্ণ সময় উপস্থিত থাকি প্ৰধানাচাৰ্য আৰু বিষয় প্ৰমুখসকলক মাৰ্গ দৰ্শন কৰে।

বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ-সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰীও যোজনা বৈঠকত উপস্থিত থাকি প্ৰধানাচাৰ্যসকলক দিহা-পৰামৰ্শ প্ৰদান কৰে৷ নগাঁও বিভাগৰ ৮৮ খন আৰু লক্ষীমপুৰ বিভাগৰ ৫৯ খন নিকেতনৰ প্ৰধানাচাৰ্য আৰু বিদ্যা ভাৰতীৰ ৫টা আধাৰভূত বিষয়ৰ লগতে বিভিন্ন কেন্দ্ৰীয় বিষয়ৰ প্ৰমুখ উপস্থিত থকা এই যোজনা বৈঠকত আগন্তুক ২০২০ শিক্ষাবৰ্ষৰ বাবে নিকেতনসমূহত ছাত্ৰ-ছাত্ৰীৰ গুণগত শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন যোজনা প্ৰস্তুত কৰে৷

বৈঠকৰ বিভিন্ন বিষয়ত পৰ্যালোচনাৰ আতঁ ধৰে বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় সম্পাদক তথা পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ব্ৰহ্মাজী ৰাও, শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু প্ৰান্তীয় প্ৰশিক্ষণ প্ৰমুখ প্ৰকাশ চক্ৰৱতীয়ে৷ কাৰ্যক্ৰমত শিশু শিক্ষা সমিতি অসমৰ পূৰ্ণ কালীন কাৰ্যকৰ্তা নগাঁও বিভাগৰ বিভাগ নিৰীক্ষক পৰাণ বৰা আৰু লক্ষীমপুৰ বিভাগ নিৰীক্ষক ৰঞ্জিত শইকীয়া লগতে বিভিন্ন বিষয়ৰ প্ৰান্তীয় প্ৰমুখসকল উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।