ড্ৰাগছসহ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ ধুবুৰী আৰক্ষীৰ

 12/08/2019 - 16:48

গৌৰীপুৰঃ ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ। ম্যানমাৰৰ পৰা বাংলাদেশ হৈ উত্তৰ–পূৰ্বাঞ্চললৈ চালান হয় এই মাৰাত্মক ড্ৰাগছ। ধুবুৰী সদৰ আৰক্ষী থানাৰ সহযোগত ধুবুৰী উপ আৰক্ষী অধীক্ষক ত্ৰিনয় ভূঞাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট।

এখন বিলাসী বাহনসহ আৰক্ষীয়ে জব্দ কৰে টেবলেটখিনি। গাড়ীখনৰ লগতে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰীজনৰ নাম ছাইদুল ইছলাম। ঘৰ কোকৰাঝাৰৰ ফকিৰাগ্ৰামৰ কৰাইটাৰী গাঁৱত। বৰ্তমান ধুবুৰী সদৰ থানাত জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰীটোক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.