ধাৰাবাহিক বিস্ফোৰণত কঁপিল শ্ৰীলংকাৰ ৰাজধানী কলম্বো

 04/21/2019 - 14:47

মৰিগাঁও: কলম্বোৰ ৬টা স্থানত বিস্ফোৰণৰ ঘটনা। ৩ খন হোটেল, ৩টা গিৰ্জাত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণত এইপৰ্যন্ত নিহত অৰ্ধশতাধিক লোক। আহত প্ৰায় ২ শতাধিক লোক।

মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। গিৰ্জাত ইষ্টাৰৰ প্ৰাৰ্থনা চলি থকাৰ সময়ত বিস্ফোৰণ সংঘটিত হৈছে।

বিস্ফোৰণৰ পিছতে শ্ৰীলংকাত হাই এলাৰ্ট জাৰি কৰা হৈছে।

আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই কোনো সংগঠনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।