নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত যোৰহাটত বিভিন্ন দলৰ প্ৰতিবাদ

 12/19/2019 - 14:25

যোৰহাটঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ শতাধিক কৰ্মচাৰী। প্ৰতিবাদকাৰীৰ এটাই দাবী কোনোপধ্যেই মানি নলয় নাগৰিকত্ব সংশোধনী আইন।

প্ৰতিবাদকাৰীসকলে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে কঁপাই তোলাৰ লগতে কা" বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা সকলো নেতা কৰ্মীক বিনাচৰ্তে মোকলাই দিয়া, নিহত আৰু আহত ব্যক্তিৰ পৰিয়ালক অতিশীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ দাবী জনায় ৰাজ্য চৰকাৰক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।