বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিত প্ৰতিবাদৰ ঢৌ

 12/20/2019 - 13:04

খাৰিজা বিজনীঃ লোকসভা আৰু ৰাজ্যসভাত কেব গৃহীত কৰি অসমীয়াৰ মান মৰ্যদাত পদাঘাত কৰাত সমগ্র ৰাজ্যৰ লগতে সৰভোগতো ইয়াৰ প্ৰতিবাদ গণতান্ত্ৰিক আন্দোলন অব্যাহত আছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৪০ নং সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগতো ক্ৰমাত তীব্ৰ হৈ উঠিছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ। কেবৰ বিৰুদ্ধে নামি পৰা সৰভোগ বৰপেটা ৰোড অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে। কেবৰ বিৰুদ্ধে যোৱা ১৩ডিচেম্বৰ পুনৰ সৰভোগৰ গান্ধী ময়দানত ছাত্ৰ-ছাত্ৰী, যুৱক যুৱতী শ্রমিক সৰ্বস্তৰৰ ৰাইজ একত্ৰিত হৈ পোৱা ১০বজাৰ পৰা এটা বিশাল বাইক সমদল উলিয়ায়।

গান্ধী ময়দানৰ পৰা আৰম্ভ কৰা এই বিশাল প্ৰতিবাদী সমদল কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিচ্ছবিত জোতা-চেণ্ডেল মালা আৰি জাতি জাতিধ্বংসী আইন(কা)আমি নামনো বিজেপি চৰকাৰ হায় হায় ৰঞ্জিত দাস মুর্দাবাদ ৰঞ্জিত দাস লেই লেই ছেই ছেই বাংলাদেশীৰ দালাল সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা লেই লেই ছেই ছেই। যদি হোৱা অসমীয়া আমাৰ লগত যোগ দিয়া জয় আই অসম খেদ অ খেদ বিদেশী খেদ আদি শ্লো’গান দি বৰপেটা ৰোড আৰু সৰভোগ উত্তাল প্ৰতিবাদ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।