কোকৰাঝাৰত সোণালী জয়ন্তী-অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবাৰ্ষিকী কাৰ্যসূচীৰ শুভাৰাম্ভ

 12/20/2019 - 19:00

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাস্থিত ভাৰতৰত্ন ভূপেন হাজৰিকা সমন্বয়ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষীয় কাৰ্যসূচী আৰম্ভ হৈছে। কোকৰাঝাৰ উত্তৰখণ্ড আঞ্চলিক নাথ যোগী সন্মিলনীৰ উদ্যোগত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ প্ৰথম দিনাই কা’ৰ বিৰুদ্ধে ৰণহুংকাৰ প্ৰদান কৰিছে নাথ যোগী সন্মিলনীয়ে।

কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী উপলক্ষে ৰাতিপুৱা কাৰ্যসূচী অনুসৰি সৰ্বমুঠ ১৫০ খন পতাকা উত্তোলন কৰাৰ লগতে ১৫০ গছি বন্তি প্ৰজ্বলন কৰা হয়। উল্লেখ্য যে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া উক্ত অনুষ্ঠানতে চাইবাৰ চিকিউৰিটিৰ ওপৰত আলোচনা, সমূহীয়া দীক্ষাগ্ৰহণ, মহাৰুদ্ৰ যঞ্জ, সমুহীয়া অন্নপ্ৰাশন, চুড়াকৰণ, বিবাহ, বৃহত্তৰ অসমীয়া জাতিগঠন সন্দৰ্ভত আলোচনা চক্ৰ, গ্ৰন্থ উন্মোচন, স্বজাতীয় নৃত্য-গীত, কলা-সংস্কৃতি প্ৰদৰ্শন, ধৰ্মসভা, সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হব।

পতাকা উত্তোলন, শ্বহীদ তৰ্পন কাৰ্যসূচীৰ পিছত সংবাদ মাধ্যমৰ আগত অসম প্ৰাদেশিক নাথ যোগী সন্মিলনীৰ কাৰ্যকাৰী সভাপতি ভূমিধৰ নাথে চৰকাৰে নাথ যোগী জনগোষ্ঠীক অৱহেলাৰ দৃষ্টিৰে চোৱা কথা উল্লেখ কৰি নাথ যোগী উন্নয়ন পৰিষদ পুণৰ কাৰ্যক্ষম কৰাৰ দাবী উত্থাপন কৰিছে।

বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথে কাৰ বিৰোধিতাতে চৰকাৰে নাথ যোগী জনগোষ্ঠীৰ প্ৰতি মাহী আইৰ দৃষ্টিক কঠোৰ ভাষাৰে সমালোচনা কৰে। আনহাতে কাৰ্যসূচীত উপস্থিত থকা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে নাথ যোগী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে।

অবিভক্ত গোৱালপাৰা জিলা নাথ যোগীৰ মুল বাসস্থানস্বৰূপ যদিও চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি কোচ ৰাজবংশী স্বায়ত্বশাসিত গঠন কৰিব বিচৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নাথ যোগীৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনাইছে। তদুপৰি খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাৱুকিস্বৰূপ কাৰ বিৰোধিতা কৰি অহা জানুৱাৰীৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি সদৰি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।