গুৱাহাটী প্রেছ ক্লাৱত মিনতি বৰুৱাৰ কবিতা সংকলন ‘মৰীচিকাৰ ছন্দ’ৰ উন্মোচন

 02/23/2019 - 18:04

গুৱাহাটীঃ বৰ্তমান সাহিত্য জগতলৈ নৱপ্ৰজন্মৰ যি উৎসাহৰ ঢৌ তাক লেখত ল’বলগীয়া৷ বিভিন্ন জনে বিভিন্ন গল্প সংকলন,কবিতা আদি লিখি সাহিত্য জগতত ভৰি দিছে৷ শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মিনতি বৰুৱাৰ ‘মৰীচিকাৰ ছন্দ’ কবিতা সংকলনখনৰ উন্মোচনী সভাত উপস্থিত থাকি এনেদৰে কয় মনজিৎ সিঙে৷ কবিতা সংকলনখনৰ উন্মোচক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অমৰ জ্যোতি চৌধুৰীয়ে কয় যে মিনতি বৰুৱাৰ কবিতা পুথিখনে কাব্য জগতলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিব৷ মিনতি বৰুৱাৰ কবিতা পুথিখনত প্ৰতিটো কবিতাৰ সৈতে একোখন ছবি সংলগ্ন কৰা হৈছে। তাত থকা ছবিখিনিয়ে এই কবিতাসমূহৰ ভিতৰলৈ যোৱাৰ দুৱাৰখন খুলি দিয়া বুলি মন্তব্য কৰে ড০ অমৰ জ্যোতি চৌধুৰীয়ে৷ এই উন্মোচনী সভাখনত উপস্থিত থাকে ড০ নিৰঞ্জন কলিতা, ড০ ৰানা কাফলে, ড০ নিতুল নাথ আদিৰ লগতে বহু গণ্য-মান্য ব্যক্তি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।