মঙলদৈত আছুৰ নাৰী শক্তিৰ অৱস্থান কাৰ্যসূচী

 12/21/2019 - 19:26

মঙলদৈঃ মঙলদৈতো আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত, নাৰী শক্তিৰ সৈতে অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে। মঙলদৈ পৰিবহন নিগমৰ বাছ আস্থানৰ সন্মুখত মঙলদৈৰ মহিলা সকলে ভাৰত চৰকাৰে ৰূপায়ন কৰিব বিচৰা জাতি ধ্বংসী, ভাষা ধ্বংসী এই নাগৰিকত্ব সংশোধনী আইন ২০১৯ কোনো কাৰণতেই অসমৰ জনসাধাৰণে মানি নলয় বুলি বাখ্যা কৰে।

আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ উদ্যোগত নাৰী শক্তিৰ সৈতে অৱস্থান কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাৰী সকলে অসম চৰকাৰ হাই হাই, সৰ্বা তোমাৰ কাম নাই, ভাৰত চৰকাৰ হাই হাই, আমি কেব নামানো, কেব আমাক নালাগে আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লো’গানেৰে আকাশ বতাহ কঁপাই তোলে। প্ৰতিবাদ কাৰি মহিলাসকলে প্ৰয়োজনত আৰু বৃহত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি জানিবলৈ দিলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।