৩৫ বছৰে চৰকাৰৰ কোনো সুবিধা নোপোৱা এটি দৰিদ্ৰ পৰিয়ালৰ জীৱন কাহিনী

 12/26/2019 - 14:26

ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বৰবাম গাঁও পঞ্চায়তৰ অধীনত ৬ নং ওৱাৰ্ডৰ মোহানি গাঁৱৰ বাসিন্দা কমলা গগৈয়ে জীৱনৰ ৩৫টা বসন্ত পাৰ কৰিলে এটি ওৰুষা প্ৰজা গৃহত। ৭০ বছৰীয়া বৃদ্ধা মাতৃৰ সৈতে শৰীৰৰ পঞ্চাশ শতাংশ হাড়ৰ ৰোগত আক্ৰান্ত হৈ পৰি আছে ঘৰত থকা একমাত্ৰ বাহৰ চাং বিছনাত। ৰোগীয়া কমলা গগৈয়ে মাতৃৰ সৈতে ভগা জুপুৰিত বাস কৰিছে যদিও আজিলৈকে চৰকাৰৰ ঘৰৰ সা-সুবিধা পৰা বঞ্চিত হৈ আহিছে। দুখীয়া দৰিদ্ৰ পৰিয়ালটোক ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগ সমূহৰ চকু পৰিবনে নে কথাতে পৰিৱৰ্তন হ’ব। কেতিয়া পাব চৰকাৰী আৱাস, শৌচাগাৰ আৰু চাউল, তেল। কেইবাখনো চৰকাৰ আহিল আৰু গল কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৱে কেতিয়া চৰকাৰৰ সা-সুবিধা পাব? নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল আৰু পঞ্চায়ত প্ৰতিনিধিয়ে চকু মেলি চাব নে এই পৰিয়ালটোক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।