বৰপেটাৰ সকলো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত নিৰ্বাচনী বিষয়াৰ দল

 04/22/2019 - 18:53

বৰপেটাঃ বৰপেটা জিলাৰ আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰত আজি সন্ধিয়াৰ ভিতৰতে নিৰাপত্তাৰক্ষীসহ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল যাৱতীয় সা-সামগ্ৰী লৈ উপস্থিত হৈছে৷ কালি দূৰণিবটীয়া ১৪০ টা কেন্দ্ৰলৈ ৭০০ বিষয়া-কৰ্মচাৰী ৰাওনা হোৱাৰ পিছত আজি অৱশিষ্ট ১২১৪ টা কেন্দ্ৰৰ বাবে নিয়োজিত প্ৰায় ৬১০০ জন বিষয়া-কৰ্মচাৰী বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা ৰাওনা হয়৷

এইবাৰ নিৰ্বাচনৰ অন্যতম বিশেষত্ব হল প’লিং বিষয়াসকলে ইভিএমৰ উপৰি "ভিভিপেট" মেচিনো কঢ়িয়াবলগীয়া হৈছে৷ তদুপৰি নদী পাৰ হ’বলগীয়া প্ৰতিজন প’লিং বিষয়াকে সুৰক্ষামূলক ব্যৱস্থা হিচাপে লাইফ জেকেটো প্ৰদান কৰা হৈছে৷ বৰপেটা নিৰ্বাচনী জিলাত কাইলৈ ১৩৫৪ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোট লোৱা হ'ব৷

গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো সুকলমে সম্পন্ন কৰাৰ বাবে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত একোজন প্ৰিজাইডিং বিষয়া আৰু তিনিজন প’লিং বিষয়া নিয়োজিত কৰা হৈছে৷ তদুপৰি কেবাটাও কেন্দ্ৰৰ মাজত একোজনকৈ মুঠ ১৬৭ জন ছেক্টৰ বিষয়া আৰু ৩১ জন জোনেল বিষয়া নিয়োজিত কৰা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে৷ তেখেতে জনোৱা মতে গোটেই প্ৰক্ৰিয়াটো সুকলমে সম্পন্ন কৰাৰ বাবে প্ৰায় এহেজাৰ সৰু-ডাঙৰ যান-বাহনৰ আৱশ্যক হৈছে৷

উল্লেখ্য যে ৬ নম্বৰ বৰপেটা সংসদীয় সমষ্টিত এইবাৰৰ নিৰ্বাচনত ১৩ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে৷ ৩২ নম্বৰ বঙাইগাঁও, ৩৪ উত্তৰ অভয়াপুৰী, ৩৫ দক্ষিণ অভয়াপুৰী, ৪২ পাটাছাৰকুছি, ৪৩ বৰপেটা, ৪৪ জনিয়া, ৪৫ বাঘবৰ, ৪৬ সৰুক্ষেত্ৰী, ৪৭ চেঙা আৰু ৬১ নম্বৰ ধৰ্মপুৰ সমষ্টিৰ মুঠ ১৬,৭৬,৮৫৪ জন ভোটাৰে কাইলৈ প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব৷ বৰপেটা জিলাৰ ১০ টা কেন্দ্ৰকে ধৰি এইবেলি সংসদীয় সমষ্টিটোত মুঠ ২৮ টা কেন্দ্ৰ কেৱল মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব৷

নিৰ্বাচনী প্ৰক্ৰিয়াটোত মহিলাসকলৰ অংশীদাৰিত্ব বৃদ্ধি কৰি আগবঢ়াই নিয়াৰ উদ্দেশ্যেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জনসংযোগ বিষয়াই জনাইছে৷ সংসদীয় সমষ্টিটোত ২৭ টা ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে৷ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই সকলো ভোটাৰকে নিজৰ ভোটাধিকাৰ শান্তিপূৰ্ণভাৱে আৰু সবিবেচনাৰে সাব্যস্ত কৰিবলৈ আহ‌্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।