ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েছনৰ গৰিহণা

 04/22/2019 - 21:29

গুৱাহাটীঃ দেশৰ মুখ্য ন্যায়ধীশ তথা অসম সন্তান ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতনৰ অভিযোগ অনা কাৰ্যক লৈ দেশজুৰি চাঞ্চল্য সৃষ্টি হৈছে৷ দুই এদিনতে কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান হ’ব৷ এই ৰায়দানৰ আগতে নিৰ্ভীক ন্যায়ধীশগৰাকীক মানসিকভাৱে দুৰ্বল আৰু বদনামী কৰাৰ অপচেষ্টা চলাইছে এটা দুষ্টচক্ৰই৷

পূৰ্বতে কেইবাটাও গোচৰত অভিযুক্ত বিতৰ্কিত মহিলা কৰ্মচাৰী এগৰাকীয়ে এই অভিযোগ আনিছে৷ এই মহিলাগৰাকীয়ে কাৰ প্ৰৰোচনাত এগৰাকী সৎ নিষ্ঠাবান ন্যায়ধীশৰ বিৰুদ্ধে এই অভিযোগ আনিছে সেয়া স্পষ্ট নহয়৷ এই ঘৃণনীয় ষড়যন্ত্ৰক একেমুখে গৰিহণা দিছে দেশৰ ন্যায় ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ লগতে সচেতন মহলে৷

আজি গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েচনে এখন জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকতে বাৰ এছ’চিয়েছনে ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা কাৰ্যক গৰিহনা দিয়াৰ লগতে মুখ্য ন্যায়ধীশগৰাকীৰ সপক্ষে থিয় হোৱাৰ কথা সদৰি কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।