অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি-ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ দুঘন্টীয়া অনশন ধৰ্মঘট

 12/28/2019 - 17:11

বৰপেটাঃ সমগ্ৰ দেশত "কা"ৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তেই শনিবাৰে বৰপেটা জিলা কৃষক মুক্তি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত তথা কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত বৰপেটা জিলা পুথিভঁৰাল প্ৰাঙ্গনত এক দুঘন্টীয়া অনশন ধৰ্মঘট পালন কৰা হয়।

এই কাৰ্যসূচী আৰম্ভ হয় পঞ্চ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলিৰে আৰু এক মিনিট সময় মৌনতা অৱলম্বন কৰি। বিশ্ব বৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ তলত অৱস্থান গ্ৰহণ কৰে প্ৰতিবাদী সকলে। উক্ত দুঘন্টীয়া অনশণ ধৰ্মঘটত চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে বৰপেটাৰ আকাশ বতাহ মুখৰিত কৰি তোলে। ৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিক নস্যাৎ কৰি সম্পূৰ্ণ অগনতান্ত্ৰিক ভাবে "কা" দেশৰ জনতাৰ ওপৰত জাপি দিয়াক লৈ ইতিমধ্যে সমগ্ৰ দেশ জ্বলি উঠিছে।

অসমত অশান্তি সৃষ্টি কৰি পাঁচজনকৈ নিৰীহ তেজাল ডেকা লৰাক হত্যা কৰি তেওঁলোকক শ্বহীদৰ মৰ্য্যদা নিদি দুস্কৃতিকাৰী সজোৱা কাণ্ডক একমুখে ধিক্কাৰ জনায় ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে। তেওঁ সাংবাদিকৰ আগত আন কিছু গুৰুত্বপূৰ্ণ তথা বিস্ফোৰক মন্তব্য দাঙি ধৰে।

চৰকাৰৰ ফেচিষ্ট চৰিত্ৰ ইতিমধ্যে অসমৰ ৰাইজে ইতিমধ্যে অৱগত হোৱা বুলি তেওঁ দোহাৰে। অশান্তি সৃষ্টি কৰি শান্তি সমদলৰ নামত অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰা কাৰ্য্যক তেওঁ গৰিহণা জনায়। শেষত তেওঁ কয় যে, সোণোৱাল, হিমন্ত তথা ৰঞ্জিত দাসৰ কু-অভিপ্ৰায়ত অসমৰ জনতা কেতিয়াও ভোল নাযায় লগতে যেতিয়ালৈকে অখিল গগৈ, ধৈৰ্য কোৱৰ, শৃংখল চলিহা আৰু জিতেন দত্তক বিনাচৰ্তে মুকলি কৰি দিয়া নহয় তেতিয়ালৈকে এই আন্দোলনৰ অগ্নি স্তিমিত নহয় বৰং তীব্ৰতৰ হ'ব বুলি একপ্ৰকাৰ হুংকাৰ দিয়া পৰিলক্ষিত হয়।

বিতৰ্কিত বিধায়ক মৃণাল শ‌ইকীয়াৰ উচতনিমূলক বক্তব্যক তেওঁ দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি কয় যে, আন্দোলন অইন ফালে ধাৱিত কৰাৰ মানসিকতাৰে মৃণাল শ‌ইকীয়াই সাম্প্ৰদায়িক বিষ ধালিবলৈ চেষ্টা কৰিছে কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগ ধৃতৰাষ্ট্ৰৰ ভূমিকাত। কিন্তু এই কথাষাৰ যদি সাধাৰণ জনতা বা প্ৰতিবাদী সকলৰ মন্তব্য হ'ল হয় তেন্তে তেওঁৰ কণ্ঠ কাহানিবায় ৰুদ্ধ কৰি জেললৈ নিক্ষেপ কৰিলে হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।